খাল কাটি ঘৰিয়াল চপাব বিচাৰিছে গেৰুৱা ‘বদন’ সকলে

0
645

১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমলৈ অহা জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহক বিদেশী বুলি গন্য কৰা হব এয়া অসমৰ ৰাইজৰ এক ঐতিহাসিক সহমত । অসম আন্দোলনৰ বহু স্বহীদ, বহু ৰক্তপাত, বহু সাম্প্ৰদায়ীক ঘটনা স্বত্তেও, সকলো দল সংগঠন, সকলো সম্প্ৰদায়ৰ মানুহৰ মাজত অসমৰ বাবে অতি গুৰুত্তপুৰ্ন বিষয়টোত গঢ়ি উঠা এই সহমতেই বোধ হয় অসম আন্দোলনৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তি । কিন্তু সম্প্ৰতি কেন্দ্ৰৰ বি জে পী চৰকাৰে ইতিমধ্যে থকা নাগৰিকত্ব আইনৰ সংশোধন কৰি বাংলাদেশৰ পৰা ১৯৭১ চনৰ পিছত অহা এটা বিশেষ ধৰ্মৰ মানুহক ভাৰতীয় নাগৰিকত্ব দিব বিচাৰিছে । সেই সম্প্ৰদায়ৰ মানুহ আগন্তুক সময়ত ভাৰতলৈ আহিলেও নাগৰিকত্ত্ব পাব । তেনে মানুহ বাংলাদেশত অতি কমেও ৫৫ লাখ আছে । সেই সকলো মানুহ অসমলৈ আহিলে হব পৰা ভাষাগত বা আন সামাজিক বিসঙ্গতিৰ কথা যদি বাদো দিও, ইমান বোৰ মানুহক ভৰন পোষণ কোনে দিব পাৰিবনে অসমে ?

ইতিমধ্যেই নিৱনুৱা সমস্যাৰে জৰ্জৰিত অসম। নিয়োগ কেন্দ্ৰৰ পঞ্জীকৰণ অনুসৰি প্ৰায় ২৬ লাখ নিবনুৱা আছে অসমত । অভিযন্তাৰ শিক্ষা শেষ কৰিও বেঙ্কৰ সহায়কৰ চাকৰিৰ বাবে কোচিং কৰি আছে বহু শিক্ষিত নিবনুৱাই । বাংলাদেশৰ পৰা আহিব লগীয়া বিদেশী মানুহ খিনি যি সম্প্ৰদায়, যি ধৰ্মৰেই নহওক কিয়, ভাৰতীয় নগৰিকত্ত্ব পোৱাৰ পিছত তেওঁলোকেও অসমত নিবনুৱাৰ শাৰীত থিয় হাবহি । তেতিয়া অসমৰ থলুৱা নিবনুৱা সকলৰ কি হব ? চাকৰি বিচাৰি হাবাথুৰি খায় থকা প্ৰতিজন অসমবাসী নিবনুৱাই এই কথা চিন্তা কৰি চোৱা উচিত । যোৱা ২০ বছৰে নুমলীগড় শোধানাগাৰ বাদ দি কোনো বৃহৎ উদ্যোগ অসমত স্থাপন হোৱা নাই । অসমৰ থলুৱা উদ্যোগ বোৰৰো মৰো মৰো অৱস্থা । ক্ষুদ্ৰ চাহ খেতি কৰি আত্মসংস্থাপন পোৱা সকলে মুক্ত বজাৰ অৰ্থ্নীতিত অ-সম প্ৰতিযোগীতাত পৰি ককবকাই আছে । তেনে স্থলত এই অতিৰিক্ত নিবনুৱা সকলে অসমত অথন্তৰ নঘটাবনে ? অসমত যোৱা কেইবছৰত যিখিনি স্ংস্থাপন হৈছে, ব্যক্তিগত খণ্ডৰ উদ্যোগত অস্থায়ী শ্ৰমিক ৰুপে হৈছে । এই প্ৰতিস্থান বোৰৰ বাহিৰত নিৱনুৱাৰ শাৰী যিমনেই বেছি হব তেওলোকৰ ওপৰত মালিকৰ অত্যাচাৰো বাঢ়িব, বিশেষকৈ তেওঁলোকৰ মজুৰী বৃদ্ধিৰ সম্ভাৱনা কমিব । কিয়নো তেওঁলোকে অধিক দৰমহা বিচাৰিলেই ঘপকৈ তেওঁলোকক কামৰ পৰা বিদায় দি নিৱনুৱাৰ শাৰীৰ পৰা কাৰোবাক একেই দৰমহাতেই নিয়োগ কৰিব পাৰিব ।ব্যক্তিগত খণ্ডত কাম কৰ সকলেও এই কথা চিন্তা কৰি চোৱা উচিত ।

২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনবসতিৰ ঘনত্ব হ্ল, প্ৰতি কিলোমিটাৰত ৩৯৮ জন । ই সৰ্বভাৰতীয় হাৰ প্ৰতি কিলোমিটাৰত ৩৬৮ জনত কৈ ইতিমধ্যেই বহুত বেছি । আনহাতে অসমত পাহাৰ, নদ নদী, বনাঞ্চল আদিৰ সংখ্যাও বেছি । বহু মাটি ইতিমধ্যেই গৰাখহনীয়াত জাহ গৈছে । অসম চৰকাৰৰ বাজেট নথিৰ তথ্য মতেই ইতিমধ্যে চাৰি লাখ হেক্টৰ মাটি কেৱল ব্ৰহ্মপুত্ৰতেই জাহ গৈছে । বহু মাটি চাহ বাগান আৰু সত্ৰৰ দখলত আছে । গতিকে বাসযোগ্য আৰু কৃষিযোগ্য মাটি গায় প্ৰতি তেনেই কম । বৰ্তমান ২৮,১১ লাখ হেক্টৰ হে কৃষিযোগ্য মাটি আছে , যিখিনি ঘৰে প্ৰতি ১,১ হেক্টৰহে মাথো । অৰ্থাৎ অসমৰ প্ৰতি ঘৰ মানুহৰ ভাগত এক বিঘাকৈ ও নপৰে । নিজা মাটি নথকা পৰিয়াল অসমত ২০১৫ চনতো ৫৭% (‘অর্থ-সামাজিক তথা জাতিগত লোকপিয়ল’)। তেনে স্থলত নতুনকৈ বিদেশীক আশ্ৰয় দিবলৈ ঠাই ক’ত ?

বাংলাদেশৰ পৰা মানুহ আহিলে আমাৰ ভাগৰ খাদ্য খুৱাব লাগিব । ২০১৪-১৫ চনৰ অৰ্থনৈতিক সমীক্ষা মতে ২০১৩-১৪ চনত অসমত মুঠ খাদ্য শস্য উৎপাদন হৈছে ৫৩,০২ লাখ মেট্ৰিক টন । আনহাতে সেই বছৰেই অসমত মুঠ খদ্য শস্যৰ প্ৰয়োজন আছিল ৫১,৭৭ লাখ মেট্ৰিক টন । অৰ্থাৎ অসমত যিখিনি উৎপাদন হয় সেই খিনিৰে অসমৰ মানুহক টানি আজুৰি কিবাকৈ খাবলৈ হয় । তাকো খাদ্যশস্য বুলি কওতে ইয়াত চাউল, ঘেহু আৰু মাহ জাতীয় শস্যক হে ধৰা হৈছে । আলু, পিয়াজ, মাছ আদি সকলো বাহিৰৰ পৰা আমদানি কৰিব লগা হয় অসমে ।

চাৰিওফালে নদ, নদী, খাল বিলেৰে আৱৰা অসমে ২০১৪-১৫ চনতো ১২,৬০০ টন মাছ আমদানী কৰিছে । ২০১৪ চনত পশ্চিমবঙ্গৰ পৰা ট্ৰাক বোৰ আহিব নোৱাৰা হওতে অসমত আলু পিয়াজৰ নাটনিত কি অৱস্থা হৈছিল ৰাইজে নিশ্চয় পাহৰা নাই । তেনে স্থলত বাংলাদেশৰ পৰা মানুহবোৰে অসমত অমাৰ ভাগৰ খাদ্য আজুৰি খোৱাৰ বাদে কি উপায় থাকিব ? বি জে পি কৰ্মী সমৰ্থক সকলে কিমান দিন নিজৰ ভাগৰ খুৱাই থাকিব পাৰিব ? ‘অর্থ-সামাজিক তথা জাতিগত লোকপিয়ল’ৰ প্রতিবেদন মতে । অসমৰ গাওঁ নিৱাসী দুই তৃতিয়াংশ পৰিয়ালৰে এক মাহৰ মুঠ আয় পাচ হাজাৰ (৫০০০) টকাত কৈ কম । অর্থাৎ এটা পৰিয়ালত গড়ে পাচ জন মানুহ আছে বুলি ধৰিলে অসমৰ গাওঁত বা্স কৰা ৭৭% মানুহৰ এমাহৰ আয় ১০০০ টকাও নহয় । প্রায় ৯২% গ্রাম্য পৰিয়ালৰ এমাহৰ মুঠ আয় ১০,০০০ টকাত কৈ কম । অসমৰ গাওঁত ৭৫,০৭% মানুহ এতিয়াও কেচা ঘৰত বাস কৰে । নতুনকৈ কেইবা লাখ মানুহ আহিলে আমাৰ নিজৰ মাটি ভেটিৰ কি হব ? অথচ নিৰ্বাচনৰ আগে আগে এওলোকেই মাটি ভেটিৰ কথা শুনাই শুনাই কাণ ঘোলা কৰি দিছিল । অৱশ্যে সেয়া আছিল নিৰ্বাচনী ৰটনা । নিৰ্বচনী ইস্তাহাৰত গৰুও গছত উঠিব পাৰে । অলঙ্কৰণতো সাহিত্যৰেই অংশ ।

সচাকৈ ৫৫ লাখ নালাগে, যদি আৰু কেইবা লাখ বাংলাদেশী মানুহ আহি অসমত নাগৰিকত্ত্ব লাভ কৰে তেন্তে নি:সন্দেহে অসমত অসমীয়া মাতৃভাষাৰ মানুহ স্ংখ্যালঘুত পৰিনত হব । পৃথিৱীৰ কোনো সজীৱ জাতিসত্ত্বা এটাক এইদৰে সাম্প্ৰদায়ীক ৰাজনৈতিক স্বাৰ্থ পুৰণ কৰিবলৈ গৈ বিপদত পেলোৱাটো অতি ভয়ানক কথা । অহাকালি যদি অসমতেই অসমীয়া ভাষাটো আকৌ অস্তিত্ত্বৰ স্ংকটত পৰে তেন্তে কোন দায়ী হব । অসমীয়া ভাষাৰ সেই অৱস্থাৰ বাবে তেতিয়া “সৰ্বানন্দ”, ‘হিমন্ত’ কে আদি কৰি বি জে পি ৰ নেতা সকলকে ‘বদন’ বুলি কব নালাগিব নে? ধৰ্মৰ দোহাই দি এই বিদেশী সকলক আপুনি গ্ৰহণ কৰিলেই বাৰু নিজৰ ভেটিৰ মাটিৰ আধা এৰি দিব পাৰিবনে আপুনি ? নিজৰ বা নিজৰ সন্ত্বানৰ প্ৰাপ্য চাকৰিটো নতুনকৈ নাগৰিকত্ত্ব পোৱা এজনক এৰি দিব লগা হব পাৰে; এই পৰিৱৰ্তনেই বিচাৰিছিল নেকি আপুনি? যদি বিচৰা নাছিল তেন্তে অহা ৩০ চেপ্টেম্বৰৰ আগতে এই আইনী সংশোধনৰ বিৰুদ্ধে নিজৰ মতামত প্ৰেৰণ কৰক ।

Comments

comments